Canada's #1 Community Marketplace
Home Blog News Announcements Pricing Register Free
politics

AASU-Asom Sena protest against drugs in Jorhat

📰 Etv Bharat 🕐 1 min read 📅 August 21, 2026 👁 2 views
AASU-Asom Sena protest against drugs in Jorhat
যোৰহাট: ড্ৰাগছ সেৱনৰ ফলত যোৰহাটত এগৰাকী কিশোৰীৰ ৰহস্য়জনক মৃত্য়ু হোৱাৰ পিচতেই বিভিন্ন দল-সংগঠনে এই মৰণব্য়াধিৰ বিৰুদ্ধে ওলাই আহিছে । জিলাখনত ড্ৰাগছৰ অবাধ প্ৰচলন ৰোধ কৰাৰ লগতে সৰবৰাহকাৰী চক্ৰ আৰু মূল উৎসসমূহ উৎখাত কৰাৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনাৰ জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে সহস্ৰাধিক শিক্ষাৰ্থীয়ে পৰিৱেশ উত্তাল কৰি তোলে । এই সন্দৰ্ভত অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কয়, "একাংশ ড্ৰাগছ বেপাৰী, সেৱনকাৰী আৰু সৰবৰাহকাৰীয়ে যোৰহাটৰ ঐতিহ্যত আঘাট হানিছে ।" একাংশ আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰো অন্যতম কাৰণ বুলিও তেওঁ অভিযোগ কৰি কয়, "সদৰ থানাৰ পৰা কেইমিটাৰ মান দূৰৈত একাংশ ড্ৰাগছ আসক্ত যুৱকৰ প্ৰহাৰত মৃত্যু ঘটিছিল এজন সম্ভৱনাপূৰ্ণ ছাত্র নেতা অনিমেশ ভুঞাৰ । এই ঘটনা পিছত সেই সময়ৰ তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে যোৰহাটক ড্ৰাগছমুক্ত হিচাপে গঢ়ি তোলা কথা কৈছিল; কিন্তু কাৰ্যতঃ সেয়াও নহ'ল । আনহাতে যোৰহাটত অবাধ হাৰত ড্ৰাগছ প্ৰচলনকলৈও উদিগ্ন হৈ পৰিছিল বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী । এই ড্ৰাগছৰ প্ৰচলন আঁৰৰ কথাও গৃহ বিভাগক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল; কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলত এতিয়া ভয়ংকৰ ৰূপত ছানি ধৰিছে ড্ৰাগছে । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি মৃত্যু হৈছে যুৱক-যুৱতীৰ ।"লগতে পঢ়ক:যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজনতাই অ'ভাৰ ড'জ লৈ মৰিছে... বাধা দিবলৈ আমি তাইৰ মাক নহয়: যোৰহাটৰ ড্ৰাগছকাণ্ডৰ অভিযুক্ত যুৱতীৰ বেপৰোৱা ভাষ্যযোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ
Read full article on Etv Bharat

Related News

🤖
GoBazaar Assistant
Search listings, jobs, events & more
👋 Hi! I can help you find anything on GoBazaar.
Try asking me something like:
"Room for rent under $800 in Calgary"
Select Location
All Canada
Alberta
British Columbia
Manitoba
New Brunswick
Nova Scotia
Ontario
Quebec
Saskatchewan